তাইৰ দুচকুৱে বহু কথাই কৈছিল
এনে লাগিছিল যেন
তাত লুকাই আছে পৃথিৱীৰ সমস্ত মৰম।
মোৰ ফালে চাই তাই যেতিয়া হাঁহিছিল
তাইৰ চকুত ফূটি উঠিছিল আবেগৰ ধল।
তাইৰ দুচকুৰ মাজত সোমাই আছিল
আকাশৰ সমস্ত নীলা,
তাইৰ দুচকুত বিচাৰি পাইছিলো মই
সাগৰৰ গভীৰতা।
তাইৰ চকুযুৰি আছিল
ফূলৰ দৰে ধূনীয়া
পখিলাৰ দৰে চঞ্চল।
সেই চকুযুৰিৰ প্ৰেমত
মই আজিও পাগল!
No comments:
Post a Comment