Monday, August 31, 2015

ক’ব নোৱাৰা কথাবোৰ

ক’ব নোৱাৰা কথাবোৰ
ক’ব পৰা হ’লে,
সদায় দেখা সপোনবোৰ
দিঠকত পৰিণত হোৱা হ’লে,
তোমাৰ মৰমৰ ছাঁয়াত
ওৰে জীৱন কটাব পৰা হ’লে,
তোমাৰ মৰমৰ সকলো আবদাৰ
পূৰণ কৰিব পৰা হ’লে,
বহাগৰ প্ৰথমজাক বৰষুণত
তোমাৰ সৈতে তিতিব পৰা হ’লে,
জোনাকৰ মায়াজালেৰে বন্দী এটি ৰাতি
তোমাৰ সৈতে ওজাগৰে কটাব পৰা হ’লে,
ধলভঙা আবেগৰ জোৱাৰ
মেলি ধৰিব পৰা হ’লে,
জীৱন যূঁজৰ চাকনৈয়া
তোমাৰ সৈতে একেলগে পাৰ কৰিব পৰা হ’লে,
ক’ব নোৱাৰা কথাবোৰ
মাথোঁ এবাৰ যদি ক’ব পৰা হ’লে.....

Tuesday, August 25, 2015

বানে গৰকা প্ৰাণ

আজিও খাবলৈ একো নাই,
বানে গৰকা আমাৰ গাঁওখনত
আজি কোনো সাহাৰ্য্য নাই|

খেতিপথাৰত পানী
পেটত ভোক
ল’ৰা-ছোৱালীহালৰ কৰুণ চকুহালত
পৄথিৱীৰ সমস্ত দুঃখ|

ক’ত গ’ল বাৰু
মোৰ গৰুহাল,
ছাগলীকেইটাছোন বহুদিন দেখাই নাই|

কেনেকৈ কৰাম ৰুগীয়া পত্নীৰ চিকিৎসা
কিদৰে গঢ়িম সন্তানৰ ভবিষ্যত
বানে জুৰুলা কৰা আমাৰ গাঁওখন
কিদৰে হ’ব নিৰাপদ|

উৰনীয়া চৰাই হৈ অহা চৰকাৰী প্ৰতিনিধিয়ে
বাৰু বুজিবনে আমাৰ যাতনা
প্ৰতিবছৰে দিয়া আশ্ৱাসবোৰৰ
নাই দেখোন কোনো ঠিকনা|

কিন্তু স্থবিৰ নহয় আমাৰ প্ৰাণ,
প্ৰকৄতিৰ লগত সহবাস কৰি
চলাই যাম আমি এই যুঁজ
চিৰকাল.......

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...