Saturday, July 26, 2014

শৈশৱলৈ ঘূৰি যোৱাৰ মন

আজি আকৌ এবাৰ শৈশৱলৈ
ঘূৰি যোৱাৰ মন,
চাহ বাগীছাৰ সেউজ পৰিবেশত
আকৌ এবাৰ ডাঙৰ-দীঘল হোৱাৰ মন|

বন্ধুবোৰৰ সৈতে খেলপথাৰত
আকৌ এবাৰ ক্ৰিকেট খেলাৰ মন,
বাৰীৰ ৰবাবটেঙা পাৰি
সকলোৰে সৈতে ভগাই খাবৰ মন|

শৈশৱৰ এটি-এটি দুষ্টামি
আকৌ এবাৰ কৰাৰ মন,
বাগীছাৰ প্ৰাথমিক বিদ্যালয়ৰ "ক" শ্ৰেণীত
আকৌ এবাৰ পঢ়াৰ মন|

ঘৰৰ কাষৰ ছোৱালীজনীক
আকৌ এবাৰ ভালপাবৰ মন,
প্ৰথম প্ৰেমৰ সেই শিহৰণ
আকৌ এবাৰ অনুভৱ কৰাৰ মন|

খেলি আহি মাৰ হাতৰ পইঁতা ভাত
আকৌ এবাৰ খাবৰ মন,
সময় তুমি যদি অনুমতি দিয়া
মোৰ শৈশৱ আকৌ এবাৰ পাৰ কৰিবৰ মন|

Tuesday, July 15, 2014

কাষলৈ আহি কিয় আঁতৰি গ’লা দূৰলৈ?


দূৰণিৰ আকাশৰ তৰা আছিলা তুমি
মোৰ পৰা সহস্ৰ যোজন আঁতৰত আছিল তোমাৰ অস্তিত্ৱ,
কিন্তু সময়ৰ গতিশিলতা প্ৰমাণিত কৰি
তুমি প্ৰৱেশ কৰিলা মোৰ কক্ষপথত,
তোমাৰ প্ৰেমৰ আকৰ্ষণে
কৰিলে মোক বন্দী|

তুমি প্ৰৱেশ কৰাৰে পৰা
সলনি হৈ পৰিল মোৰ জীৱন|
দিনবোৰ হৈ পৰিল মোহময়ী,
ৰাতিবোৰ হৈ পৰিল মাতাল|
তোমাৰ উমাল স্পৰ্শই
কৰিলে মোক উন্মনা,
তোমাৰ প্ৰেমৰ সান্নিধ্যই
দিলে মোক পূৰ্ণতা|

কিন্তু পূণৰ সলনি হল সময়,
সলনি হল আমাৰ কক্ষপথ,
তুমি আঁতৰি গলা মোৰ পৰা
আৰু এতিয়া তুমি মোৰ বাবে দূৰ আকাশৰ জোন|

সময়ৰ ৰহস্যময়তাই অবাক কৰি তোলে মোক,
এয়াই নেকি সৃষ্টিৰ নিয়ম,
কাষ চপাই আনি, আঁতৰই নিয়া|
আৰু তুমি জানো উত্তৰ দিব পাৰিবা
ইমান কাষলৈ আহি,
কিয় আঁতৰি গলা দূৰলৈ?




Tuesday, July 1, 2014

প্ৰেমৰ প্ৰথমজাক বৰষুণ

আকাশ ফালি
ধৰালৈ নামি অহা
প্ৰথমজাক বৰষুণৰ দৰেই
তুমি আহি জীপাল কৰি তুলিলা
মোৰ তৃষ্ণাতুৰ বুকুখন|

তোমাৰ হ্ৰদয় কপোঁৱা চাৱনিত
মোহ গ’লো মই,
এটি নতুন সুবাসেৰে
ভৰি পৰিল মোৰ চোতাল,
তুমি জগালা মোৰ হ্ৰদয়ত
প্ৰথম প্ৰেমৰ সেই অনুভূতি|

তুমি অহাৰে পৰা অনুভৱ কৰিবলৈ শিকিলোঁ
প্ৰেমৰ মাদকতা
প্ৰকৄতিৰ সুন্দৰতা, আৰু
নদীৰ গভীৰতা|
তোমাৰ সৈতে পাৰ কৰিলোঁ মই বহুতো
নিবিড় সন্ধ্যা, আৰু
মায়াবী নিশা|

সময়ৰ সোঁতত সকলো সলনি হ’ল যদিও
পাহৰিব নোৱাৰা এটি স্মৄতি হৈ
তুমি সদায়ে থাকিবা মোৰ হ্ৰদয়ত বৈ|
তোমাৰ মাজতেই বিচাৰি পাওঁ মই
আকাশৰ কাঁচি জোন,
যিহেতো তুমিয়েই আনিছিলা মোৰ জীৱনলৈ
প্ৰেমৰ প্ৰথমজাক বৰষুণ|

মানুহ হেৰুৱাৰ ঠিকনা বিচাৰি

উকা এখিলা কাগজ নিস্তব্ধ আকাশ নিস্তব্ধ সময়… হেৰাই যোৱাজনক বিচাৰি ফুৰা জানো অবান্তৰ? প্ৰশ্ন কৰে তেওঁ নিজকে… উশাহৰো হেনো মূল্য আছে, তেনেহ’লে হে...